Show/Hide Keyboard Layout

তুমি জিলিকি জিলিকি থকা

- তৰুণ তন্ময়

তুমি জিলিকি জিলিকি থকা

সৌ দূৰ আকাশৰ তৰা

তুমি এখনি ধুনীয়া ছবি

মই গোপনে গোপনে অঁকা

তুমি মোৰ বুকুতে ৰ’লাহি

তুমি মোক মৰম দিলাহি

তুমি মোৰ বুকুতে ৰ’লাহি

বহু মৰম মোক যাঁচিলাহি ।

 

মৰম বাঢ়ে

যৌৱন বেলাৰ বুকুতে উঠলি

মৰমেনো কি জানে

প্ৰণয়ৰে নিয়তি

মৰম বাঢ়ে

ঘনে ঘনে বাগৰে নিগৰি

মৰমেনো কি বিচাৰে

কোনে দিব বুজনি ।

 

হৃদয়ৰে দুৱাৰ খুলি

ৰাখিছোঁ মই নিৰলে

সময়ৰে সোঁতত আহি

সোমালাহি বুকুতে

অ’ নেদেখাকৈ

সপোনতে দেখিলোঁ

মই তোমাকে

কিনো জাগিল বহু মৰম

হঠাতে তোমালে ।।

Hits: 3578